বৰপেটাত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলবেগ আৰু গছপুলি বিতৰণ

 05/06/2019 - 12:06

বৰপেটাঃ শৈক্ষিক, সামাজিক ক্ষেত্ৰখনৰ সামগ্ৰিক উত্তৰণৰ হেতু প্ৰচেষ্টা চলাই অহা অগ্ৰণী অনুষ্ঠান স্বৰ্গীয় ইদ্ৰীছ আলী সোঁৱৰণি ৰাজ্যিক পুথিভঁৰাল আৰু শৈক্ষিক গৱেষণা কেন্দ্ৰ, অসমৰ উদ্যোগত আৰু মৰহুম ৱাছিকুৰ হুছেইন(মুন)ৰ সোঁৱৰণত দেওবাৰে বৰপেটা জিলাৰ ভেল্লাত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলবেগ আৰু গছপুলি বিতৰণ কৰা হয়। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ১০•৩০ বজাত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক চাইজুৰ ৰহমানে।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভেল্লা আঞ্চলিক ইংলিছ স্কুলৰ অধ্যক্ষ আনোৱাৰ হুছেইনে কয় যে শিশু সকলক সৰুকালৰ পৰা উপযুক্ত আৰু সঠিকভাৱে গঢ় দিব লাগে। তেতিয়াহে ভৱিষ্যতত দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক লাভ কৰাৰ আশা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ আৰু গছপুলি বিতৰণ কৰা এক মহান পদক্ষেপ বুলি ব্যক্ত কৰি তেওঁ লগতে কয় যে কণ কণ ছাত্ৰ-ছাত্ৰীক সৰুকালৰ পৰা পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত চিনাকি কৰাই দি গছ-গছনি ৰোপণৰ বাবে আগ্ৰহী কৰি তোলা উচিত।

আন এগৰাকী বিশিষ্ট অতিথি ভেল্লা আঞ্চলিক বজাৰ জামে মছজিদৰ ইমাম হাফিজ আব্দুল কালামে হাদিছৰ উদাহৰণ দাঙি ধৰি কয় যে যদিহে কাইলৈ কিয়ামত হোৱাৰ খবৰ পোৱা তেনেক্ষেত্ৰতো গছ ৰোপণ কৰাৰ বাবে ইছলাম ধৰ্মই তাগিদা প্ৰদান কৰি আহিছে। ভেল্লাৰ সৰবৰহী যুৱক আমিৰুজ জামানে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ প্ৰদান কৰা এনেধৰণৰ পদক্ষেপ অতি আদৰণীয়।

উল্লেখ্য যে ভেল্লা অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত দুখীয়া পৰিয়ালৰ প্ৰায় চল্লিশ (৪০) গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলবেগ আৰু একোডালকৈ গছপুলি বিতৰণ কৰা হয়। হাফিজ আব্দুল কালামৰ দোৱা-দুৰুদ পাঠৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ভেল্লা আঞ্চলিক ইংলিছ স্কুলৰ অধ্যক্ষ আনোৱাৰ হুছেইনে। অনুষ্ঠানটোত চামনুৰ আলী, হুছেইন আলী, ভেল্লা আঞ্চলিক গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি চাজিদুৰ ৰহমান (ৰাণা) আৰু সাধাৰণ সম্পাদক আজিজ আহমেদ (চুনু) বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। স্কুলবেগ আৰু গছপুলি  বিতৰণ অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ লগত অভিভাৱক আৰু অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকি অনুষ্ঠানৰ ভূয়সী প্ৰশংসা কৰে।।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।