প্ৰৱল ধুমুহাত উভালি পৰিল কঁঠাল গছঃ ঘৰ তচনচ,কথমপি প্ৰাণ ৰক্ষা

 05/06/2019 - 12:41

দলগাওঁঃ দৰং জিলাৰ শ্যামপুৰত যোৱা ৰাতি ১১ বজাত প্ৰৱল বতাহ বৰষুণ হোৱাৰ ফলত বিস্তৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে শ্যামপুৰ থানাৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তৰ অধীনত ১শ্যামপুৰ গাঁৱত ৰাতি প্ৰৱল বতাহ আৰু বৃষ্টিপাত হোৱাত বিস্তৰ ক্ষয় ক্ষতি হয়৷

গাওঁখনৰ চান্ধু মিয়াৰ পুত্ৰ চেকান্ধৰ আলিৰ ঘৰৰ গাতে লাগি থকা প্ৰকাণ্ড কঁঠাল গছজোপা প্ৰৱল বতাহ-বৰষুণ হোৱাৰ ফলত ঘৰৰ ওপৰত উভালি পৰাত ঘৰখন ভাঙি তচনচ হৈ যায় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰৰ পৰিয়ালটোৰ৷এই ক্ষেত্ৰত শ্যামপুৰ কৃষক সংঘৰ সদস্যসকলে পৰিস্থিতিৰ বুজ লৈ পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়াৰ সমান্তৰালকৈ বতাহ বৰষুণত ক্ষতি হোৱা পৰিয়ালটোক চৰকাৰৰ ফালৰ পৰা সাহায্য দিবলৈ দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।