চামগুৰিঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কলিয়াবৰ জিলা সমিতিৰ উপদেষ্টা ওৱাইদুৰ ৰহমানৰ লগতে ৬খনকৈ আঞ্চলিক সমিতিৰ সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰে। উল্লেখ্য যে কলিয়াবৰ জিলা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ পিছত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা কেইদিনমান আগতে কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়।
উক্তসভাত সভাপতিত্ব কৰে কলিয়াবৰ জিলা সমিতিৰ সভাপতি তৈয়বুৰ ৰহমানে। উক্ত সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ছফিকুল ইচলাম আৰু সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম। সভাপতি তৈয়ুবৰ ৰহমানে পুৰণি কলিয়াবৰ জিলা সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে হুলস্থূলীয়া
পৰিৱেশৰ সৃষ্টি হোয়াত সভাখন স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। তাৰ পিছতেই যোৱা মে মাহৰ তিনি তাৰিখে কলিয়াবৰ আমছুৰ জিলা সমিতিৰ সভাপতি আৰু উপদেষ্টাৰ লগতে কেইবাখনো আঞ্চিলক সমিতিৰ অনুপস্থিতিত কলিয়াবৰ আমছুৰ জিলা সমিতিৰ নেতৃত্বত নতুন কমিটি গঠন কৰাত একপক্ষীয় কমিটি হোৱা বুলি সভা অভিযোগ উত্থাপন কৰি অসন্তুষ্টি প্ৰকাশ কৰি জিলা সমিতিৰ উপদেষ্টা ওৱাইদুৰ ৰহমানৰ লগতে ৬খনকৈ আঞ্চলিক সমিতিৰ সংগঠন আৰু প্ৰাথমিক সদস্যই সমূহীয়া ভাৱে পদত্যাগ কৰে।