৭ মে'ত অনুষ্ঠিত হ'ব ৪৯ তম কলেজ নগৰৰ কেন্দ্ৰীয় বিহু সন্মিলন

 05/06/2019 - 15:47

উত্তৰ গুৱাহাটী: সাগৰীয় 'ফণী'ৰ প্ৰভাৱ অসমতো পৰাৰ আশংকা কৰি উত্তৰ গুৱাহাটীৰ কলেজ ফিল্ডত অনুষ্ঠিত হ'বলগীয়া ৪৯ তম কলেজ নগৰৰ কেন্দ্ৰীয় বিহু সন্মিলন প্ৰতিকূল বতৰ আৰু প্ৰশাসনৰ নিষেধাজ্ঞাৰ বাবে সাময়িক ভাৱে বাতিল কৰা হৈছিল।

কটাহবজাৰ কৃষক ইউনাইটেড ক্লাৱ আৰু লাইব্ৰেৰীৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিহুখন কালি ৭ মে' তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা বঁটা বিতৰণী আৰু এদিনীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা জানিব পৰা গৈছে। এইবাৰৰ সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰিব অসমৰ দুগৰাকী নৱপ্ৰজন্মৰ সফল শিল্পী ময়ুৰী দত্ত আৰু ৰাজু যাৰা।

উদ্যোক্তা সমিতিৰ তৰফৰ পৰা সভাপতি জয়ন্ত কুমাৰ বড়ো সম্পাদকদ্বয় অৰূপ বড়ো আৰু জীত বড়াই শিল্পীসকলে পৰিবেশন কৰিবলগীয়া গীতৰ শৰাই উপভোগ কৰিবলৈ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।