গুৱাহ‍াটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ন প্ৰয়াসঃ লোকৰংগম

 05/13/2019 - 12:13

গুৱাহ‍াটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত যোৱা শনিবাৰে অনুষ্ঠিত হৈ যায় "লোকৰংগম" নামৰ এটি ব্যতিক্ৰম অনুষ্ঠান।বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা "লোকৰংগম" অনুষ্ঠানৰ শুভাৰম্ভণি কৰে--গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ননীগোপাল মহন্ত, যোগাযোগ আৰু সাংবাদিক বিভাগৰ মুৰব্বী ডক্টৰ অংকুৰণ দত্ত আৰু জয়ন্ত কুমাৰ শৰ্মাই।

লগতে, এই অনুষ্ঠানতে --"আঞ্চলিকতাবাদ,যুৱপ্ৰজন্ম আৰু সংবাদ মাধ্যম"সৰ্ম্পকে "বাক্কলহ" নামৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়।এই অনুষ্ঠান পৰিচালনা কৰে অসমৰ জেষ্ঠ্য সাংবাদিক মৃণাল কুমাৰ তালুকদাৰে। ইয়াৰ লগতে পৰম্পৰাগত লোকসংস্কৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াসেৰে সন্ধিয়া

এখনি পুতলা নাচ প্ৰদৰ্শিত কৰে।উক্ত প্ৰেক্ষাগৃহতে ছাত্র-ছাত্রী সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে মঞ্চস্থ কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট "ৰুক্মিণী হৰণ"। অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ ছাত্র-ছাত্রীসকল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এনে প্ৰচেষ্টাক সকলোেৱে প্ৰশংসা কৰাত লগতে অনাগত দিনতো এনে প্ৰচেষ্টা হাতত ল'বলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।