কামৰূপঃ ভয়ংকৰ অঘটন ঘটিব পাৰে শুৱালকুছি আৰক্ষী থানাত। শুৱালকুছি আৰক্ষী থানাৰ নৱ-নিৰ্মিত অট্টালিকাত চাৰিওফালে মেলিছে ফাট। মৈয়ত্ৰী আঁচনিৰ অধীনত শুৱালকুছি আৰক্ষী থানাৰ নৱ-নিৰ্মিত এই ভৱনটোত এতিয়া প্ৰতি মুহূৰ্ততে বিপদৰ আশংকা দেখা দিছে। যি কোনো মুহূৰ্তত অট্টালিকা খহি ভয়ংকৰ বিপদ হব পাৰে। শুৱালকুছি আৰক্ষী থানাৰ এই ভৱনটো নিৰ্মাণৰ বাবে অবন্তিত হৈছিল কেইবা কোটি টকা দুৰ্নীতি পৰায়ন।
ঠিকদাৰে নিম্নমানৰ কাম কৰি লুণ্ঠন চলোৱাৰ অভিযোগ। অট্টালিকাটোৰ একাধিক স্থানত এতিয়া ফাট মেলিছে। আজি যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই নৱ-নিৰ্মিত ভৱনটো উদ্বোধন কৰিব সেয়ে ফাট মেলা স্থানসমূহ গোপনে মুখ্যমন্ত্ৰীৰ চকুত নপৰিবলৈ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিয়লি ২০-৩০ বজাত শুৱালকুছি আৰক্ষী থানাৰ ভৱন শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সোনোৱালে। আৰক্ষী থানাৰ এই ভৱন নিৰ্মানত হোৱা দুৰ্নীতি আৰু ভয়ংকৰ বিপদৰ আশংকাৰ কথা ফেচবুক যুগে সদৰী কৰিছে আৰক্ষী থানা খনৰ এগৰাকী আৰক্ষী বিষয়াই।