উত্তৰ গুৱাহাটী কটাহবজাৰত বাৰ্ষিক বাথৌ পূজা উদযাপনৰ প্ৰস্তুতি

 05/14/2019 - 17:29

গুৱাহাটীঃ বাথৌ পূজা বড়ো জনগোষ্ঠীৰ লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ৷ আন আন বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটীৰ কটাহবজাৰ গাঁৱত উলহমালহেৰে দুদিনীয়াকৈ ১৮, ১৯ মে’ত বাৰ্ষিক বাথৌ পূজা আয়োজন প্ৰস্তুতি আৰম্ভ হৈছে৷ হিন্দুসকলে যিদৰে ভগৱান শিৱক আৰাধনা কৰে ঠিক একেদৰেই বড়োসকলেও বাথৌ পুজাত শিৱক আৰাধনা কৰে কিন্তু আৰাধনাৰ পদ্ধতিহে পৃঠক৷

প্ৰবাদ অনুযায়ী বাথৌ পূজা শিৱ পাৰ্বতী বিবাহৰ আনন্দ উৎসৱ ৷এইবছৰো ধৰ্মীয় পৰম্পৰা অনুযায়ী বাথৌ বেদীত শান্তি পানী ছতিওৱাৰ পাছত পূজা ভাগ আৰম্ভ কৰা হ’ব কটাহবজাৰ ৰাজহুৱা নামঘৰত৷ পৰম্পৰা অনুসৰি বড়ো দেউৰী প্ৰমোদ বড়োৰ গৃহত গাৱঁৰ বয়োজ্যেষ্ঠ আইসকলে কলা, বগা আৰু ৰঙা ৰঙৰ সুতাৰে শিৱ পাৰ্বতী পুতলা সদৃশ আকৃতি প্ৰস্তুতি কৰি গায়ন বায়নৰ মাজেৰে বেদিত আনি প্ৰতিষ্ঠা কৰিব। পূজাত ভক্তসকলে প্ৰসাদ বিভিন্ন পৰম্পৰাগত দ্ৰব্য, ধূপ-চাকি নৈবেদ্য আগবঢ়োৱাৰ এক প্ৰাচীন পৰম্পৰা প্ৰচলিত হৈ আহিছে৷

ইয়াৰ উপৰিও খেৰাই নৃত্য বড়োগীত মাতেৰে সমগ্ৰ গাঁৱত আনন্দময় পৰিৱেশ বিৰাজমান হয়৷ গাঁৱৰ বৃদ্ধ-বৃদ্ধা শিশু সকলোৱে সমবেত হৈ বাথৌ দেৱতাৰ আশীষ ল’ব৷ বাথৌ পূজা ভাগত প্ৰতি বছৰে উত্তৰ গুৱাহাটীৰ সকলো সম্প্ৰদায়ৰ লোকে অংশ লোৱাৰ লগতে সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে। ১৯ মেৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰে মহাবাহু ব্ৰহ্মপুত্ৰত ভেল সাজি বাথৌদেৱতাৰ বাবে উচৰ্গিত দ্ৰব্যবোৰ বিসৰ্জন দিয়া হ’ব।১৮,১৯ মে’ত ইটাখুলীৰ থানৰ পৰা আৰম্ভ হ’বলগীয়া দুদিনীয়া ধৰ্মীয় উৎসৱত আয়োজক সমিতিৰ সভাপতি কুলেন বড়ো সম্পাদকদ্বয় ধৰ্মেন্দ্ৰ বড়ো আৰু বিপুল বড়োৱে ধৰ্মপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিতি কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।