জু-ৰোডৰ বিস্ফোৰণত জড়িত দুজনক আটক

 05/16/2019 - 18:08

ডিজিটেল ডেস্ক: বুধবাৰে মহানগৰীৰ জু-ৰোডৰ বিস্ফোৰণৰ ঘটনাৰ পিছতেই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। আজি পুৱাৰ ভাগত এক গোপন সূত্রৰ পম খেদি মহানগৰীৰ পাঞ্জাবাৰীত অভিযান চলাই আৰক্ষীয়ে। পাঞ্জাবাৰীৰ এটা ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা ৯ এম এম পিষ্টল, ২৫ জাঁই গুলীসহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

আৰক্ষীয়ে সন্দেহ কৰা মতে গ্ৰেণেড বিস্ফোৰণৰ পৰিকল্পনা এই ঘৰটোৰ পৰাই চলাইছিল। কূটাঘাত সংঘটিত কৰা লোককেইজন ঘৰটোত থকাৰ সন্দেহত পুৱাৰ ভাগৰপৰাই অভিযান চলাইছে আৰক্ষীয়ে। ঘৰটোত পিষ্টলসহ এগৰাকী অভিনেত্রীক আটক কৰে আৰক্ষীয়ে। অভিনেত্রীগৰাকীৰ নাম জাহ্নৱী শইকীয়া বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ কল লিষ্টতো আৰক্ষীয়ে লাভ কৰিছে বহু আপত্তিজনক তথ্য। ঘটনাক লৈ ইতিমধ্যে গীতানগৰ থানাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ লগত আলোচনাপন্থী আলফা নেতা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে প্ৰাণময় ৰাজগুৰু নামৰ এজন লোকক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।