03/08/2019 - 15:44
in
ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী ৰে'ল। ৰে'লখনে যথেষ্ট চৰ্চা লাভ কৰিছে এই সময়ত। সাধাৰণতে ৰে'লৰ কৰ্মচাৰীসকল পুৰুষ হয়। কিন্তু এই ৰে'লখনৰ পাইলট, সুৰক্ষাকৰ্মী, টিটি আদিকে ধৰি অন্যান্য পদৰ সকলো কৰ্মচাৰীয়ে মহিলা। ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ভূপাল ৰে'ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিলে ১৮২৩৫ ভূপাল-বিলাসপুৰ এক্সপ্ৰেছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত ৰে'লখনত মহিলা কৰ্মচাৰীক নিয়োজিত কৰা এই কাৰ্যই নাৰীৰ সক্ষমতাৰ এক উদাহৰণ দাঙি ধৰিছে।