দীপৰ বিল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

 05/17/2019 - 13:03

গুৱাহাটীঃ জৈৱ বৈচিত্ৰ্যৰ বাবে গুৱাহাটীৰ দীপৰ বিল পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈ আহিছে।

দীপৰ বিলৰ উপযুক্ত সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে বিষয়াবৰ্গৰ লগত জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী মিলিত হয় আৰু দীপৰ বিলৰ মাটিকালিৰ বিস্তৃতি সন্দৰ্ভত জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

দীপৰ বিলৰ জলধাৰাৰ মূল উৎসৰ লগতে ইয়াৰ বহিৰ্গমন পথসমূহৰ ওপৰত বিজ্ঞানসন্মত অধ্যয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি, গুৱাহাটীৰ পামহীত এটা Sewage Treatment Plant স্থাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।