আজাৰা: আজাৰা আৰক্ষীৰ জালত পৰিল এজন নাইজেৰিয়ান যুৱক। পাছপ'ৰ্ট অবিহনে বৰঝাৰ বিমানবন্দৰত নাইজেৰিয়াৰ ফ্ৰেংক্লাইন অকেছুৱা নামৰ লোকজনে ভিষ্টাৰা বিমানযোগে দিল্লীলৈ ৰাওনা হ'বলৈ লওঁতেই বিমান কৰ্তৃপক্ষই যুৱকজনক পৰীক্ষা কৰাত দেখুৱাব নোৱাৰিলে তেওঁৰ পাছপ'ৰ্ট। তাৰপিছতে বিমান কৰ্তৃপক্ষই যুৱকজনক আজাৰা আৰক্ষী থানাত গতাই দিয়ে। এই সন্দৰ্ভত আজাৰা আৰক্ষীয়ে 14 Foraigner Act Of 1947 R/W Sec 12(1-A) (b) The passport act 1967 ধাৰাৰ অধীনত 307/19 নম্বৰত এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰে নাইজেৰিয়ান যুৱকজনক।
উল্লেখ্য যে অপৰাধীৰ অন্যতম স্থানত পৰিণত হোৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত যোৱা ৯ মাৰ্চত ভূৱা পাছপ'ৰ্ট আৰু ভিছাৰে কলিকতালৈ ৰাওনা হোৱাৰ পথত বিমানবন্দৰত ধৰা পৰিছিল তিনিজনকৈ নাইজেৰিয়ান লোক। অৱশ্যে আজি দিল্লী অভিমুখে যাত্রা কৰিবলৈ ওলোৱা নাইজেৰিয়ান যুৱকজনৰ আচৰণত চিআইএচএফৰ সন্দেহ ওপজে। পিছত চিআইএছএফে তালাচী চলাই নিশ্চিত হয় যে নাইজেৰিয়ান যুৱকজনৰ পাছপ'ৰ্ট আৰু ভিছা নাই। পিছত চিআইএছএফে ধৃত যুৱকজনক আজাৰা আৰক্ষীৰ হাতত গতাই দিয়ে।
এই নাইজেৰিয়ান যুৱকজন কি কাৰণত গুৱাহাটীলৈ আহিছিল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে একো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। উল্লেখযোগ্য যে ধৃত লোকজন পাচপ'ৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰি দীৰ্ঘদিন ধৰি ভাৰতৰ বিভিন্ন ঠাইত এইদৰেই ঘুৰা ফুৰা কৰি আছিল। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰখাৰ সময়তে যুৱকজনে গুৱাহাটীত ড্ৰাগছ বা আন কিবা অবৈধ ব্যৱসায় আদিত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।