বান্দৰৰ উৎপাতত উত্তৰ গুৱাহাটীৰ গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত,অসহায় কৃষক,আক্ৰমণত আহত বহুলোক

 05/18/2019 - 14:21

গুৱাহাটীঃ জনতাৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ শপতলৈ গাদীত বহা চৰকাৰ বাৰু ৰাইজৰ সমস্যাকলৈ কিমান সচেতন? নৰখাদক বাঘৰ নহয় বান্দৰৰ উৎপাতত এতিয়া ত্ৰাহি মধূসুধন দেখিছে জনতাই। খেতিয়কে ঘাম সৰাই কৰা খেতি নষ্ট কৰাৰ বাবে অসহায় হৈ পৰিছে গঞা।

বান্দৰৰ অত্যাচাৰৰ বাবে খেতিয়ক নিবনুৱা হৈছে। হাতত দা কোৰলৈ খেতিয়কে কৰিছে কামৰ সন্ধান। গ্ৰাম্য অৰ্থনীতি থানবান কৰা বান্দৰৰ প্ৰসঙ্গ বিগত বৰ্ষতো আলোচিত হৈছিল। কিন্তু পৰিত্ৰাণৰ উপায় দিব নোৱাৰিলে চৰকাৰে। বিগত বছৰত অকল উত্তৰ গুৱাহাটীতে দুই শতাধিক লোক বান্দৰৰ আক্ৰমণৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হ’ল কেইবাজনো লোক।

তৎসত্বেও বনবিভাগ অথবা চৰকাৰে কৰণীয় একো কৰা নাই। ভয়ানকভাৱে বংশ বৃদ্ধি হোৱা বান্দৰৰ বাবে শংকিত এতিয়া গ্ৰাম্য জনতা। বনধ্বংসৰ বাবেই এই সমস্যা বুলি দায় সাৰিলে ভয়াৱহ দিনৰ মুখামুখি হ’ব লাগিব মানৱ জাতি।

বান্দৰৰ  বংশ বৃদ্ধি  প্ৰতিৰোধ কৰিব নোৱাৰিলে অথবা বিকল্প পথৰ সন্ধান নকৰিলে ভৱিষ্যত হ’ব  অতি ভয়াৱহ। সেয়ে উত্তৰ গুৱাহাটীৰ কৃষক আৰু ৰাইজে শীঘ্ৰে বনমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ জৰিয়তে বান্দৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিবৰ বাবে দাবী উত্থাপন কৰিছে। মানুহে বনাঞ্চল ধ্বংস কৰা বাবেই এতিয়া বান্দৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বুলি অভিযোগ এচামৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।