আজি বুদ্ধ পূৰ্ণিমাঃ আমিনগাঁও জয়গুৰুস্থিত বৌদ্ধ বিহাৰত দেশী বিদেশী বৌদ্ধ ভিক্ষুৰ সমাৱেশ

 05/18/2019 - 14:46

গুৱাহাটীঃ আজি বুদ্ধ পূৰ্ণিমা। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ দিন। বুদ্ধ পূৰ্ণিমা তিথিৰ লগত বুদ্ধদেৱৰ জীৱন তিনিটা ঘটনা বিজৰিত হৈ আছে। এই পৱিত্ৰ তিথিতে বুদ্ধৰ জন্ম, সিদ্ধি লাভ আৰু মহাপ্ৰয়াণ হৈছিল।

আজি পুৱাৰে পৰা আমিনগাঁও জয়গুৰুস্থিত বৌদ্ধ বিহাৰত দেশী-বিদেশী বৌদ্ধ ভিক্ষুৰ সমাৱেশ ঘটে।বৌদ্ধ ধৰ্মৰ প্ৰেম ভাতৃত্ব বিশ্ব শান্তিৰ বাণীৰে মুখৰিত হয় বৌদ্ধ বিহাৰ প্ৰাংগণ। বৌদ্ধ জয়ন্তী উপলক্ষে বৌদ্ধ ধৰ্মৰ বাণী সম্বলিত বেনাৰৰ মন্দিৰ চৌহদ সজ্জিত হ'ল।

ৰাজ্যৰ ভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে ভূটানৰ লামা ভিক্ষুৱে পৱিত্ৰ কৰিলে বৌদ্ধ বিহাৰ।ধৰ্মালোচনাৰ লগতে মাঙ্গলিক ধ্বনিত আধ্যাত্মিকতাৰ উচ্চ শিখৰলৈ পৰ্য্যবসিত হ'ল আমিনগাওঁ বৌদ্ধ বিহাৰ।

ৰয়েল ভূটানৰ ৰাজকীয় মন্দিৰত ভগৱান বৌদ্ধৰ শান্তিৰ বাণীৰে হৃদয় শীতল কৰিলে হিন্দু ধৰ্মাৱলম্বী লোকে। অঞ্চলটোৰ বহু হিন্দু ধৰ্মাৱলম্বী লোকে আজি বৌদ্ধ বিহাৰত গৌতম বুদ্ধৰ আশীষ বিচাৰি ভিৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।