যোগনিলয়মঃ উত্তৰ গুৱাহাটীত যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ

 05/20/2019 - 19:23

গুৱাহাটীঃ সেৱা ভাৰতীয়,পূৰ্বাঞ্চল এটি স্বেচ্ছাসেৱী সংগঠন। গতিকে ১৯৯৮ পৰা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য, শিক্ষা আৰু স্বাৱলম্বন আদি বিভিন্ন ধৰণৰ সমাজৰ উন্নতিৰ হকে কাম কৰি আহিছে। সেই কামৰ লগে লগে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ওপৰতো কাম কৰি আহিছে। বৰ্তমান সময়ত সমাজৰ স্বাস্থ্য আৰু শিক্ষাৰ আগত ৰাখি 'যোগনিলয়ম' নামেৰে এটি ভৱনৰ কাম ইতিমধ্যে উত্তৰ গুৱাহাটীত সম্পূৰ্ণ হৈ উঠিছে।

এই যোগনিলয়ম কেন্দ্ৰটি উত্তৰ-পূৰ্বাঞ্চলৰ এক মাত্ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা অনুসন্ধান কেন্দ্ৰ। বৰ্তমান সময়ত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ওপৰত মানুহৰ বিশ্বাস পূৰ্বতকৈ বহু বৃদ্ধি পাইছে। লগতে যোগ সাধনাৰ পৰা বহু লোক উপকৃত হব ধৰিছে। কাৰণ যোগ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক সকলো দিশ সামৰি লয়। বৰ্তমান যোগনিলয়মত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বাবে নতুন চিকিৎসাৰ বাবে ন ন সজুলি অনা হৈছে।

ৰাতিপুৱা ৫.৩০ বজাৰ পৰা ৬.৩০ লৈ আৰু আবেলি ৫ বজাৰ পৰা ৬ বজালৈ আসন আৰু প্ৰাণায়ামৰ অভ্যাস চলি আছে। অহা জুন মাহৰ পৰা যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ সম্পূৰ্ণ আনুষ্ঠানিক ভাৱে আৰম্ভ হ’ব। বৰ্তমানে এই যোগনিলয়ম আৰু উত্তৰ অসম প্ৰান্তৰ দায়িত্বত থকা যোগ প্ৰমুখ্য ধনঞ্জয় চুতীয়াই এই কথা জানিবলৈ দিছে। চুতীয়াই লগতে কয় যে ৰাতিপুৱা আৰু আবেলি আসন প্ৰাণায়ামৰ অভ্যাস হৈ আছে তাত উত্তৰ গুৱাহাটী সকলো মানুহেই ভাগ ল’ব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।