ধিঙত এনচিচিৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে কৰিলে বিনামূলীয়াকৈ ৰক্তদান

 05/21/2019 - 16:02

টুকটুকীঃ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(NCC)তেজপুৰ গ্ৰুপৰ তত্বাৱধানত ৮ অসম বেটালিয়ান এনচিচি নগাঁৱৰ ব্যৱস্থাপনাত নগাঁও জিলাৰ ধিং জৱাহৰ নৱোদয় বিদ্যালয় প্ৰাংগনত সম্প্ৰতি চলি থকা এনচিচিৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষন শিবিৰত এক ব্যতিক্ৰমী ৰূপত প্ৰায়  অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীয়ে আজি বিনামূলীয়াকৈ ৰক্তদান কৰে। উক্ত  প্ৰশিক্ষন শিবিৰৰ কামানডেন্ট কৰ্ণেল বিনয় মালহোত্ৰাই জানিব দিয়া মতে বিগত ১৩ মে'ৰ পৰা উল্লিখিত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ থকা এনচিচিৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত অসম আৰু চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰায় ৬০০ এনচিচি কেডাৰে অংশগ্ৰহণ কৰে।

উক্ত শিবিৰত সমাজসেৱা তথা সামাজিক মূল্যবোধ আৰু দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এনচিচি কেডাৰসকলৰ দ্বাৰা ৰক্তদান কৰাৰ এক মহান কাৰ্যসূচীৰো সংযোজন কৰা হয়। উক্ত প্ৰশিক্ষন শিবিৰৰ লগত সংগতি ৰাখি নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ ব্যৱস্থাপনাত আৰু ধিং এফ,আৰ,ইউৰ লগতে বেচৰকাৰী সেচ্ছাসেৱী সংগঠন "হিলিং হেণ্ডছ"ৰ সভাপতি হিমান জ্যোতি বৰা আৰু "সৃষ্টি"ৰ ৰাজদ্বীপ বৰা আৰু সুমনজ্যোতি বৰগোঁহাইৰ সহযোগত  অনুষ্ঠিত হোৱা  ৰক্তদান শিবিৰত এনচিচি কেডাৰ সকলৰ কাউন্সেলিং আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰক্তগ্ৰহণ কৰা হয় বুলি ব্লাড বেংকৰ বিষয়াই জানিবলৈ দিয়ে।

আনহাতে ৰক্তদান কৰা কেডাৰ সকলে ৰক্তদান মহান দান কথাষাৰক সাৰোগত কৰি নিজ শৰীৰৰ অলপমান তেজ দান কৰি তেওঁলোক বহুত সুখী বুলি মতব্যক্ত কৰে। তদুপৰি অসম আৰু অৰুণাচল প্ৰদেশৰ  বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা এই এনচিচি সংযুক্ত বাৰ্ষিক প্ৰশিক্ষন শিবিৰত মুঠ ২৬ গৰাকী প্ৰশিক্ষকে এনচিচি কেডাৰসকলক বিশেষকৈ--ৱেপন, ফায়াৰিং, মেপ ৰিডিং, পেৰেড, অবছটেকল, যুগ, শাৰিৰীক, মিলিটাৰী টেকটিক্স আৰু আৰ্মি, এয়াৰফ'ৰ্চ আৰু নেভিত কেনেদৰে ভৰ্তি হব পাৰি তাৰ সবিশেষ সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

অহা ২২ মে'ত সামৰণি পৰিবলগা উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰায় ২৫০ গৰাকী ছাত্ৰী তথা এনচিচি কেডাৰ আৰু ৩৫০ জন ছাত্ৰ তথা এনচিচি কেডাৰে যোগদান কৰে।  উল্লেখযোগ্য যে  উক্ত প্ৰশিক্ষণ শিবিৰত ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্ব্য বিষয়া দীগেন চন্দ্ৰ ৰয়ে জৰুৰীকালীন স্বাস্থ্য পৰীক্ষাৰ বাবে দৈনিক এজন ডাক্তৰ, নাৰ্ছ আৰু প্ৰাথমিক ঔষধ যোগান ধৰে বুলি জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।