এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত হাৰাশাস্তি: চিপিআইএমৰ উদ্যোগত অৱস্থান ধৰ্মঘট

 05/21/2019 - 18:56

কলগাছিয়া: সমগ্ৰ ৰাজ্যজুৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও মহামান্য উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি এনআৰচি আপত্তি নিষ্পত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰি আহিছে। সেই সন্দৰ্ভত আজি ৭৯ নং কাদং পঞ্চায়তত ভাৰতৰ কমিউনিষ্ট পাৰ্টি চিপিআইএমৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত উল্লেখ কৰা হয় যে এনআৰচিৰ নামত বহু মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।

অযথা কোনো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হয় কিন্ত্ত সেই আপত্তি কৰা ব্যক্তিজন এনআৰচি কেন্দ্ৰত উপস্থিত নাথাকে। গতিকে চিপিআইএময়ে দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এনআৰচিৰ কাম চলি আছে কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা যেতিয়া আপত্তিকাৰী এনআৰচি কেন্দ্ৰলৈ নাযায় তেতিয়া কোৰ্টক অৱমাননা কৰাৰ অপৰাধত কঠোৰ শাস্তি প্ৰধান কৰিব লাগে।

প্ৰকৃত ভাৰতীয়সকলৰ ওপৰত ভুৱা আপত্তি কৰি কোনো হাৰাশাস্তি নকৰে তাৰবাবে দাবী জনায় আৰু ১৯৭১ চনৰ ২৪ মার্চৰ আগত অহা সকলো সম্প্ৰদায়ৰ মানুহৰ নাম এনআৰচি তালিকাভুক্ত কৰিব লাগে আৰু ১৯৭১ চনৰ পিছত অহা সকলোকে বিদেশী হিচাবে দেশখনৰ পৰা বিতাৰিত কৰিব লাগে।

গতিকে চৰকাৰক আবেদন জনায় অতি সোনকালে হাৰাশাস্তি বন্ধ কৰক নহ'লে অনাগত দিনত বৃহত্তৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। লগতে তেওঁলোকে প্ৰতীক হাজেলালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।