শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

 05/21/2019 - 19:15

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বিদ্যালয় গৃহ ভাঙি লণ্ড ভণ্ড কৰে। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা লাদেন নামৰ বনৰীয়া হাতীটোয়ে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলি শ্ৰমিক লাইনত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।

নিশা ২.৩০ মান বজাত বনৰীয়া হাতীটোৱে শ্ৰমিক লাইনত থকা ধেন্দাই চাহ বাগিচা ২২ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গৃহটোত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বিদ্যালয়ৰ কাষৰ ৰাইজৰ।

বহুসময় ধৰি বনৰীয়া হাতীটোৱে সন্ত্ৰাস চলোৱাৰ পাছত স্থানীয় ৰাইজে কোনোমতে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়৷ ৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়টোৰ ৰান্ধনীগৃহৰ সৈতে আচবাব পত্ৰও বনৰীয়া হাতীটোৱে ধ্বংস কৰাত ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনত প্ৰভাৱ পৰিব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে।

বৰ্তমান ৰঙাপৰা অঞ্চলত লাদেন নামৰ বনৰীয়া হাতীটোৱে আশ্ৰয় লৈ আছে৷ বনবিভাগৰ লোকে বনৰীয়া হাতীটোক পুনৰ বনাঞ্চললৈ খেদি পঠোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ উল্লেখ্য যে হাতীটোৱে বিগত কিছুদিন ধৰি নিশা ৰঙাপৰা ওচৰৰ বাগিচাসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।