অসমত ক’ত কিমানে ভোট দিলে

 05/23/2019 - 10:08

ডিজিটেল ডেস্কঃ দেশত ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও, অসমত ১১ এপ্ৰিল, ১৮ এপ্ৰিল আৰু ২৩ এপ্ৰিলত ১৪টা লোকসভা সমষ্টিৰ বাবে তিনি পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৫টা সমষ্টি ক্ৰমে- ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ আৰু তেজপুৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টি কেইটা আছিল- কৰিমগঞ্জ, শিলচৰ, ডিফু, মঙলদৈ আৰু নগাঁও। অন্তিম পৰ্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত ৰাজ্যখনৰ চাৰি সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অন্তিম পৰ্যায়ত ভোটগ্ৰহণ হোৱা সমষ্টি কেইটা আছিল ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৪,৫৪,৭৭৮জন। ইয়াৰে ১১,৮৩,২২৪গৰাকীয়ে ভোটদান কৰিছিল। সমষ্টিটোত ভোটদানৰ হাৰ ৭৯.১৫ শতাংশ। ইফালে, বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪জন। সমষ্টিটোত ভোটদান সাব্যস্ত কৰে ১৪,৫২,২১৩জন ভোটাৰে। ধুবুৰী লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৮,৫৬,১৬৮গৰাকী। ভোটদান কৰা ভোটাৰ সংখ্যা আছিল ১৬,৮২,৭১১জন।

ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৩,১২,১৯৫গৰাকী। ভোটদান সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা আছিল ১০,১৩,৮২১জন। ডিফু লোকসভা সমষ্টিত ৭,৯৫,০৮৫গৰাকী ভোটাৰৰ ভিতৰত এইবাৰ ভোটদান সাব্যস্ত কৰে ৬,১৫,৯৪৪গৰাকীয়ে। গুৱাহাটী লোকসভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা আছিল ২১,৭৮,৬১৭গৰাকী। ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা সমষ্টিটোত আছিল ১৭,৬০,৫১১গৰাকী।

ইফালে, যোৰহাট লোকসভা সমষ্টিত ১৩,৬০,৩২৮গৰাকী ভোটাৰৰ ভিতৰত ১০,৫৪,১২৫গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে। কলিয়াবৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,৩১,৬১০গৰাকী। ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা আছিল ১৪,২১,৫০০জন। কৰিমগঞ্জত ১৩,৩৮,০০৫গৰাকী ভোটাৰৰ ভিতৰত ১০,৫৮,০৮৬গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিত ১৭,৬৫,৪২৩গৰাকী ভোটাৰৰ ভিতৰত ১৪,৬৮,১১২গৰাকীয়ে ভোটাদান সাব্যস্ত কৰে এই নিৰ্বাচনত। লখিমপুৰত মুঠ ভোটাৰৰ সংখ্যা ১৭,০৪,৪৪৭গৰাকীৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা আছিল ১২,৭৯,১১৯গৰাকী। মঙলদৈত ১৭,৯৫,৫২৯গৰাকী ভোটাৰৰ ভিতৰত ১৫,০০৯০৮জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল অসম লোকসভা নিৰ্বাচনত।

নগাঁৱত ১৭,৮৮,৯৪৫গৰাকী ভোটাৰৰ ভিতৰত ১৪,৮৯,৫৪৩গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। শিলচৰত ১১,৯১,২৮৯গৰাকী ভোটাৰৰ ভিতৰত ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ৯,৪৫,৬৩৪গৰাকী। তেজপুৰত ১৪,৯৪,৮৭৮গৰাকী ভোটাৰৰ ভিতৰত ১১,০০৮৩৩গৰাকী ভোটাৰে এইবাৰ ভোটদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।