দিলীপ শইকীয়াৰ ভোটৰ অগ্ৰগতিক লৈ ওৰাঙত বিজেপি কৰ্মীৰ উল্লাস

 05/23/2019 - 20:33

ওৰাং: দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ থকাৰ মাজতে ওৰাঙত দেখা গৈছে বিজেপি কৰ্মীসকলৰ মাজত আনন্দ উল্লাস। ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰাৰ বাবে বিজেপি কৰ্মীসকলে ওৰাং চহৰৰ মাজমজিয়াত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।

মাজবাট মণ্ডল বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই আনন্দ উল্লাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।