বেজেৰাঃ কামৰূপ জিলাৰ চাংসাৰিত কালি পুৱা সংঘটিত এক ভয়াৱহ পথ দুর্ঘটনাত এগৰাকী মহিলাৰ লগতে তিনিজন যুৱক থিতাতে নিহত হয়। নিহতসকল ক্রমে ছিপাঝাৰৰ ১নং বিজুলীবাৰীৰ উপেন দাসৰ পত্নী সাৱিত্রী দাস(৩৮),হাজো।
বাকটাৰ কেশৱ দাসৰ পুত্ৰ অমৰ দাস(২৪),জালুকবাৰী সমষ্টিৰ জয়গুৰু (প্রয়াত বীৰেন্দ্ৰ ৰায়ৰ পুত্ৰ) অটল ৰায়(১৬)আৰু ফুলুঙৰ কৃষ্টি বড়ােৰ পুত্র প্রাঞ্জল বড়াে(20)। আৰক্ষীয়ে ইয়াৰে প্ৰাঞ্জল বড়াে বাহনখনৰ চালক আৰু বাকীকেইজন কোম্পানীৰ শ্ৰমিক বুলি প্ৰকাশ কৰিছে।
প্রাপ্ত তথ্য মতে, জিলাখনৰ মৃত্যুদূতৰূপী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ৫.৪৫ বজাত গুৱাহাটীৰ দিশত আহি থকা এ এছ-২৫ ডি চি ৮৬৬০ নম্বৰৰ ডি আই মেজিক বাহনখনে পথত ৰৈ থকা এখন ট্রাকত তীব্ৰ গতিত খুন্দা মৰাৰ ফলত বাহনখন সম্পূর্ণ ৰূপত বিধ্বস্ত হােৱাৰ লগতে বাহনখনত থকা আটাইকেইগৰাকী আৰােহী| থিতাতে মৃত্যুক সাবটিবলগীয়া হয়।
চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা চাংসাৰিস্থিত ভাৰতীয় সেনা ছাউনীৰ প্রায় সমীপত সংঘটিত দুর্ঘটনাটোৰ পাছতে অঞ্চলটোৰ লােকসকলৰ মাজত হুৱাদুৱা লাগে আৰু ততালিকে আৰক্ষীক অৱগত কৰে। ইপিনে খবৰ পােৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লােক উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে আৰু মৰণােত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
মন কৰিবলগীয়া কথাটো হ'ল দুর্ঘটনাৰ সময়ত বতৰ আছিল যথেষ্ট প্রতিকূল। তদুপৰি ঘাইপথত জধে-মধে ৰাখি থােৱা ট্রাক পার্কিঙৰ বাবেই ভয়াৱহ দুর্ঘটনাটো হ’বলৈ পালে বুলি একাংশই অভিযােগ কৰিছে। অৱশ্যে ট্রাকখনৰ সন্ধান এইপর্যন্ত আৰক্ষীয়ে লাভ কৰা নাই বুলি জানিব পৰা গৈছে।