03/09/2019 - 19:47
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/BAGH.jpg?itok=s4dDQisg)
গুৱাহাটীঃ বাঘৰ মুক্ত বিচৰনে পুনৰ শংকিত কৰি তুলিছে মহানগৰীৰ মালিগাওঁবাসীক৷ শুক্ৰবাৰে নিশা বনাঞ্চলৰ পৰা নামি অহা এটা নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় দুজনকৈ লোক৷ আহত লোক দুজন মালিগাওঁৰ শংকৰদেৱ নগৰৰ দীপক হুজুৰি আৰু পত্নী কমলা হুজুৰি বুলি জানিব পৰা গৈছে৷
ওচৰ চুবুৰীয়াই জনোৱা মতে ছাগলী চিকাৰ কৰিবলৈকে নিশাৰ ভাগত দীপকৰ বাসগৃহৰ সমীপতে থকা গঁৰাললৈ বুলি অহিছিল বাঘটো৷ বাঘ অহাৰ উমান পাই খেদিবলৈ লওঁতেই আক্ৰমনৰ সন্মুখীন হয় দীপক আৰু তেওঁৰ পত্নী৷ কিন্তু দীপকে দুৱাৰ বন্ধ কৰি দিয়াৰ ফলত নাহৰফুটুকী বাঘটো ঘৰটোৰ ভিতৰত আবদ্ধ হৈ পৰে৷ ইফালে আহত দীপক আৰু তেওঁৰ পত্নীক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷ কিছু সময়ৰ পিছত বন বিভাগৰ এটা দল উপস্থিত হৈ ট্ৰেইনকুলাইজ কৰি বাঘটোক চিৰিয়াখানালৈ লৈ যায়৷