05/24/2019 - 15:26
in
ডিজিটেল ডেস্ক: এভাৰেষ্টত মুত্যুমুখত পৰে ভাৰতীয় পৰ্বতাৰোহী অঞ্জলি এছ কুলকাৰ্ণি। বিশ্বৰ সুউচ্চ শৃংগ এভাৰেষ্টত আৰোহণ কৰি উভতি অহাৰ পথত ভৰি পিছল খাই দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় পৰ্বতাৰোহীগৰাকীয়ে।
৫৫ বছৰীয়া অঞ্জলিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ। উল্লেখ্য যে মুম্বাই নিবাসী অঞ্জলিয়ে বুধবাৰে স্বামী শাৰদ কুলকাৰ্ণিৰ সৈতে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰিছিল।