বিজ্ঞান শাখাত প্ৰথম স্থান বিতোপন আৰন্ধৰাৰঃ পঞ্চমবাৰলৈ অভিলেখ গঢ়িলে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজে

 05/25/2019 - 11:22

ডিজিটেল ডেস্কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফলত এইবাৰ উজ্বলি উঠিল পুনৰ নগাঁও। পঞ্চমবাৰৰ বাবে বাণিজ্য শাখাত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে প্ৰথম স্থান দখল কৰি অভিলেখ গঢ়িলে।

এইবাৰ ৰামানুজনৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিলে বিতোপন আৰন্ধৰাই। ইংৰাজী, অসমীয়া, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা আৰু গণিতত লেটাৰ মাৰ্কেৰে ৪৭৮ নম্বৰ লাভেৰে দৰং মহাবিদ্যালয়ৰ শয়ন মজুমদাৰৰ সৈতে শীৰ্ষ স্থান দখল কৰে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত।

বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা আন ছাত্ৰ-ছাত্ৰীসকল হ’ল- ৰিধিপ্ৰিয়ম শৰ্মাই তৃতীয় স্থান (৪৭৬), বিশাল বৰুৱাই পঞ্চম স্থান (৪৭৩), অয়ন কৌশিক মহন্ত পঞ্চম স্থান (৪৭৩), সুভাশীষ দে’ অষ্টম স্থান (৪৭০), অভিজ্ঞান ডি বাঢ়ৈই নৱম স্থান (৪৬৯), কৌস্তৱ কিশোৰ কলিতাই দশম স্থান (৪৬৮)।ইফালে, উচ্চতৰ মাধ্যমিকত নগাঁৱৰ কনছেপ্ট জুনিয়ৰ কলেজৰ গীতাঞ্জলি বৰঠাকুৰে কলা শাখাত ৪৭৫ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত চূড়ান্ত বৰ্ষত নগাঁৱৰ মুঠ ৯জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে। ৰামানুজন কলেজৰ লগতে জিলাখনৰ কনছেপ্ট জুনিয়ৰ কলেজৰ পুষ্পা গুপ্তাই দশম স্থান, মেট্ৰিকছ জুনিয়ৰ কলেজ, নগাঁৱৰ হিৰকজ্যোতি হাজৰিকাই চতুৰ্থ স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।