উত্তৰ গুৱাহাটীত এটিএম চুৰি কৰা প্ৰয়াস ব্যৰ্থ: দুজনক কৰায়ত্ত

 05/25/2019 - 13:15

গুৱাহাটী: উত্তৰ গুৱাহাটীত চোৰৰ সন্ত্ৰাস অব্যাহত আছে। মন্দিৰ, সাধাৰণ জনতাৰ সম্পত্তি, মোবাইল টাৱাৰৰ পিছত এইবাৰ এটিএমত হাত দিলে চুৰে। এই সংক্ৰান্তত উত্তৰ গুৱাহাটীত এটিএম মেচিন চোৰৰ গেঙৰ দুই সদস্য আটক কৰা হৈছে।

উত্তৰ গুৱাহাটী আৰক্ষীয়ে নিশাৰ ভাগত হাতে লোটে আটক কৰে বখটাৰ আলি আৰু মিৰাজুল হক নামৰ হাজো আদাবাৰীৰ দুই গভাইত চোৰক। ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল সহযোগী চোৰৰ দলটো।

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে এটিএম চোৰৰ দলক আটক কৰাৰ বাবে আৰম্ভ কৰিছে অভিযান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।