ডিজিটেল ডেস্ক: অসমবাসীৰ লগতে ছবি জগতলৈ আহিল এটা ভাল খবৰ। প্ৰকৃতি বিষয়ত চুটি ছবি নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলিল অসমৰ সন্তান ধৃতিমান কাকতি। কাজিৰঙাত কৰ্মৰত মনোজ গগৈক আদৰ্শ হিচাপে লৈ পৰিৱেশ সংৰক্ষণক মূল বিষয়বস্তু হিচাপে লৈ ইউৰোপৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতিৰ বিষয়ক চুটি ছবি প্ৰতিযোগিতাত অসমৰ চুটি ছবি 'দ্যা মেন হু স্পিকচ নেচাৰ' নামৰ ছবিখনে শ্ৰেষ্ঠ চুটি ছবি হিচাপে স্বীকৃতি লাভ কৰে।
দুদিন ধৰি ইউৰোপ মহাদেশৰ হাংগেৰীত অনুষ্ঠিত হয় এক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱ। সেই মহোৎসৱৰ সমিতিৰ আমন্ত্ৰণক্ৰমে পৰিচালক ধৃতিমান কাকতিৰ 'দ্যা মেন হু স্পিকচ নেচাৰ' নামৰ চুটি ছবিখনেও অংশগ্ৰহণ কৰে আৰু ছবিখনে শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি পূৰ্বে বহুকেইটা চুটি ছবিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন বঁটা আৰু বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে এই ছবিখনে।
ছবিখনৰ পৰিচালনা ধৃতিমান কাকতিৰ, ভিডিঅ' কেমেৰা ৰক্তিম হাজৰিকাৰ লগতে আন দুজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত এই ছবিখন নিৰ্মাণ হৈছিল।