খোৱাঙত বিধ্বস্ত ৰাজপথে জলা-কলা খোৱাইছে ৰাইজকঃ গুৰুত্ব নাই জনপ্ৰতিনিধিৰ

 05/26/2019 - 17:43

খোৱাং:  মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙৰ পুৰণা এটি ৰ'ডৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে খোৱাঙৰ ৰাইজক। এজাক বৰষুণতে পানীৰে উপচি পৰে ব্যস্ততাপূৰ্ণ পথটো। পথটোৰ দুয়োকাষে থকা উন্মুক্ত নলাই আহুকালৰ সৃষ্টি কৰিছে খোৱাংবাসীক। বৃহত্তৰ খোৱাং অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথটো পানীৰে ভৰি থকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। অঞ্চলটোত কেইবাখনো বিদ্যালয় থকাৰ উপৰি এখন মহাবিদ্যালয় আৰু এখন প্ৰাথমিক চিকিৎসালয় আছে।

বিদ্যালয়সমূহলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয় তথা বজাৰ হাট কৰিবলৈ অহা জনসাধাৰণে জীয়াতু ভোগিবলগীয়া হয় এই জৰাজীৰ্ণ পথটোৰ বাবে। সম্প্ৰতি বিধ্বস্ত হৈ পৰা পথটো  নিৰ্মাণৰ বাবে খোৱাং আছুকে ধৰি কেইবাটাও দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ২০১২-১৩ বৰ্ষতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে ৮কোটি ৭০ লাখ টকাৰে ৭•৫ কিলোমিটাৰ পথটোৰ আধাশিলা স্থাপন কৰিছিল।

কিন্তু ৰহস্যজনকভাৱে ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল উক্ত পথটো। খোৱাং চাৰিআলিৰ পৰা চেনিমাৰিলৈকে সংলগ্ন হোৱা পথটো পকীকৰণৰ দায়িত্ব লৈছিল "সুমন কনষ্ট্ৰাকচন" নামৰ এটা ঠিকাদাৰ কোম্পানীয়ে। কিন্তু নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পৰা পাঁ‌চটা বছৰ পাৰ হৈ গ'ল যদিও মাত্ৰ দুই কিলোমিটাৰ পথহে নিৰ্মাণ কৰিলে ঠিকাদাৰে। আনকি খোৱাং চাৰিআলিত নিৰ্মাণ কৰি থকা কালভাৰ্টটোও আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই।

যাৰ ফলত ব্যস্ততাপূৰ্ণ ঠাইডোখৰত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। ঠিকাদাৰৰ ময়মতালি আৰু স্থানীয় বিধায়কজনৰ অমনোযোগিতাৰ বাবেই পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । অতি ব্যস্ত তথা জৰাজীৰ্ণ হৈ পৰা পথটো শীঘ্ৰে নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।