বিশিষ্ট চিত্রশিল্পী বেণু মিশ্ৰৰ দেহাৱসান

 05/29/2019 - 14:28

ডিজিটেল ডেস্ক: বিশিষ্ট চিত্রশিল্পী বেণু মিশ্ৰৰ দেহাৱসান। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮০ বছৰ। কিছুদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীৰ আজি কাহিলীপাৰাৰ নিজা বাসগৃহত মৃত্যু হয়। ১৯৩৯ চনত বৰপেটাত জন্ম গ্ৰহণ কৰা মিশ্ৰই শান্তি নিকেতনৰ পৰা চিত্রকলাৰ শিক্ষা গ্ৰহণ কৰিছিল।

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বেণু মিশ্ৰ। দেশ-বিদেশত অনুষ্ঠিত কৰা হৈছিল মিশ্ৰৰ চিত্র প্ৰদৰ্শনী। 'কথা গুৱাহাটী' নামৰ আলোচনীখনৰো কলা সম্পাদক আছিল মিশ্ৰ। ২০০৬ চনত বিষ্ণুপ্ৰসাদ ৰাভা বঁটাপ্ৰাপ্ত শিল্পীগৰাকী সহস্ৰাধিক গ্ৰন্থৰ প্ৰচ্ছদ শিল্পী আছিল।

শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে গুণমুগ্ধসকলে শোক প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।