ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত বহু ভোটত জয়ী লাভ কৰা নৰেন্দ্ৰ মোডীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্রী পদৰ বাবে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ভৱনত আজি অনুষ্ঠিত হ'বলগা শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন পূৰ্ণগতিত চলি আছে। আজি এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ১৪খন দেশৰ প্ৰতিনিধি, বুদ্ধিজীৱী, ৰাজনৈতিক নেতা, চিনেমা জগতৰ বহুকেইজন ব্যক্তিৰ লগতে মুঠ ৬,০০০ লোক উপস্থিত থাকিব।
মোডীৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ বাবে খাদ্যৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মোডীয়ে। অতিথিসকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। নাস্তা সম্পূৰ্ণ নিৰামিষ হ'ব। য'ত ছেণ্ডৱিজ, চিংৰা, ৰাজভোগৰ পৰা আৰম্ভ কৰি লেমন টাৰ্টলৈ উপলব্ধ হ'ব। ডিনাৰৰ খাদ্য তালিকাত আমিষ, নিৰামিষ দুয়োবিধেই উপলব্ধ হ'ব। সকলো খাদ্য ৰাষ্ট্ৰপতিৰ পাকঘৰতে তৈয়াৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।
ৰাতি ৯ বজাত অতিথিসকলক ৰাষ্ট্ৰপতি ভৱনত ডিনাৰ কৰোৱা হ'ব। লেমন কৰিয়েণ্ডৰ চুপৰ জৰিয়তে অতিথিসকলক আদৰণি জনোৱা হ'ব। খাদ্য তালিকাত ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ খাদ্য সম্ভাৰ 'দাল ৰায়চিনা'ও অন্তৰ্ভুক্ত কৰা হৈছে যিটো তৈয়াৰ কৰিবলৈ ৪৮ ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হয়।