মালিগাঁৱত সংঘটিত হৈছে পথ দুৰ্ঘটনা

 05/30/2019 - 18:01

মালিগাঁও: মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। তিনিখন বাহনৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ। চালকসহ চাৰিজন লোক আহত হৈছে। জিএমচি বাহনে প্ৰথমে খুন্দিয়াই এখন ছুইফ্ট ডিজায়াৰক। তাৰ পাছত ছুইফ্ট ডিজায়াৰখনে খুন্দিয়াই এখন স্কুল বাছক। গুৰুতৰভাবে আহত হয় ছুইফ্ট ডিজায়াৰখনৰ চালক আৰু স্কুল বাছখনৰ ৩ জন ছাত্র।

বাছখন প্ৰাগজ্যোতিষ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।