09/02/2021 - 13:47
in
বোকাজানঃ বোকাজানত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিয়ে নন্দিতা শইকীয়াৰ হত্যাৰ প্ৰতিবাদত এক মৌন সমদল উলিয়ায়। মৌন সমদলৰ উদ্দেশ্যে অসমত যাতে দ্বিতীয় বাৰ নন্দিতা শইকীয়াৰ হত্যাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহয় লগতে মহিলা সুৰক্ষা আইন প্ৰণয়নৰ দাবীৰে মৌন সমদল উলিয়ায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিয়ে। নন্দিতা শইকীয়াৰ হত্যাৰ অপৰাধী ৰিন্টু শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চিত্ৰ বৰুৱাই।