দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং গৰু সৰবৰাহ, ২২টা চোৰাং গৰু জব্দ

 09/02/2021 - 15:49
 
 
 
 
 
মানকাচৰঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ চৌকাৰ চৰত যোৱা নিশা চৌকাৰচৰ শাখাৰ সীমান্ত ৰক্ষী বাহিনীয়ে শাখাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অভিযান চলাই থকাৰ সময়ত চোৰাং ব্যৱসায়ীয়ে গৰু সৰবৰাহ কৰাত উক্ত শাখাৰ কৰ্তব্যৰত সীমান্তৰক্ষী বাহিনীয়ে চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই যদিও ২২টাকৈ চোৰাং গৰু জব্দ কৰে৷ গৰু সমূহ সীমান্তৰক্ষী বাহিনীয়ে দক্ষিণ শালমাৰা থানাত গতাই দিয়ে৷ থানা আৰক্ষীয়ে জব্দকৃত গৰু সমূহৰ ৩০৩/২১ নম্বৰৰ এখন গোচৰ ৰুজু কৰে৷ আনহাতে যোৱাকালিও সীমান্তৰক্ষী বাহিনীয়ে  ১০ টাকৈ গৰু জব্দ কৰি থানাত গতাই দিয়ে আৰু থানা আৰক্ষীয়ে ৩০২/২১ নম্বৰৰ এখন গোচৰ ৰুজু কৰে বুলি আৰক্ষী সুত্ৰে জানিব পৰা যায়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।