আজিও অসম্পূৰ্ণ হৈ ৰ’ল কমলপুৰৰ বৰডেকপাৰ উপ-স্বাস্থ্যকেন্দ্ৰ

 09/02/2021 - 15:54
 
 
 
 
 
বাইহাটা চাৰিআলিঃ কমলপুৰ সমষ্টিৰ অন্তৰ্গত কমলপুৰ স্বাস্থ্যখণ্ডৰ অধীনৰ এখন উপ-স্বাস্থ্য কেন্দ্ৰ৷ নাম বৰডেকপাৰ উপ-স্বাস্থ্য কেন্দ্ৰ৷ সম্প্ৰতি ভাৰাঘৰতে চলি আছে স্বাস্থ্যকেন্দ্ৰটো৷ নাই এটা নিজ গৃহ৷ ২০১০ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ইয়াৰ চৰকাৰী মাটিত ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল স্বাস্থ্যকেন্দ্ৰটোৰ বাবে গৃহ৷ কিন্তু নিম্নমান কাম কৰাত স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে কাম৷ বিভাগীয় ঠিকাদাৰে কৌশলেৰে টকা উলিয়াই নিয়ে যদিও হাস্পতালৰ গৃহটো আজিও অৰ্ধনিৰ্মিত হৈ তথা পৰিত্যক্ত হৈ পৰি থাকিল দহ বছৰে৷ সম্পূৰ্ণ নহ’ল এইখন উপ-স্বাস্থ্য কেন্দ্ৰ নিজ গৃহ; যাৰ বাবে কমলপুৰ সমষ্টিৰ বৰডেকাৰপাৰৰ সাধাৰণ লোকে জীয়াতু ভূগিব লগা হৈছে। তেতিয়াৰ পৰা প্ৰতিজন স্থানীয় বিধায়কক এই বিষয়ে অৱগত কৰাই আহিছে যদিও কোনো এজনে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।