লংকাঃ বিগত দিনসমূহত তীব্ৰ যানজঁট সৃষ্টিৰ অন্যতম কাৰক হিচাপে চৰ্চিত হৈ আহিছে ই-ৰিক্সা।যানবাহন আইন উলংঘা কৰি যধে মধে নিয়ম বহিৰ্ভূত ভাৱে চলাচল কৰা ই-ৰিক্সা সমূহৰ বাবে যে এক প্ৰকাৰে তীব্ৰ যান-জঁটৰ সমস্যা সৃষ্টি হৈ অহাৰ কথা সৰ্বজন বিদিত।বিশেষকৈ লংকা চহৰত বিগত দিন সমূহত যান জটৰ সৃষ্টি কৰি আহিছে একাংশ ই-ৰিক্সাই।
অনুজ্ঞাপত্ৰ নোহোৱাকৈ যধে মধে ৰাজপথত দৌৰাত্ম্যৰ সৃষ্টি কৰা একাংশ ই-ৰিক্সাৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে লংকা যান বাহন শাখাৰ আৰক্ষীয়ে।উল্লেখ্য যে,শুকুৰবাৰে লংকা থানাৰ যান বাহন আৰক্ষী বিষয়া মজিবুৰ ৰহমানে এক অভিযান চলাই লংকাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ২৫ খনকৈ ই-ৰিক্সা জব্দ কৰি থানালৈ লৈ আহে।
তাৎপৰ্যপূৰ্ণ বিষয় এই যে,ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি কৰা এই সমূহ ই-ৰিক্সাৰ নাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ। উল্লেখ্যৰ বিষয় এই যে,যোৱা এবছৰ পূৰ্বে হোজাই জিলা প্ৰশাসনে লংকা চহৰখনত ই-ৰিক্সা সমূহ চলাচলৰ ক্ষেত্ৰত কিছু নীতি নিয়ম বান্ধি দিছিল যদিও সেই নীতি নিয়ম অধিকাংশ চালকে মানি নচলাৰ লগতে নিজ মইমতালিৰে নিয়ম বহিৰ্ভূত ভাৱে দৌৰাত্ম্যৰ সৃষ্টি কৰি আহিছিল। ফলত সাধাৰণ পথচাৰীয়ে বিভিন্ন সময়ত দুৰ্ভোগ ভূগি আহিছিল।এই ক্ষেত্ৰত লংকা যান বাহন আৰক্ষীয়ে দৌৰাত্ম্য সৃষ্টি কৰা অনুজ্ঞাপত্ৰহীন ই-ৰিক্সাৰ বিৰুদ্ধে আগন্তুক দিনবোৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।