09/02/2021 - 17:57
in
জামুগুৰিহাটঃ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি পোনপ্ৰথমবাৰৰ বাবে চতিয়া সমষ্টিলৈ আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ চতিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমেই নাগশংকৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাগশংকৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে। আয়তীৰ উৰুলি, ডবা, কাঁহ, শৃংখ ধ্বনিৰ মাজেৰে ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ষ্টেডিয়ামখনৰ আন্ত:গাঠনিৰ বাবে পুনৰ ১০কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰোপৰি নাগশংকৰ স্বাস্থ্য কেন্দ্ৰটি ৩০খন বিচনাযুক্ত চিকিংসালয়লৈ উন্নত কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
ইয়াৰ পিছতে জামুগুৰিহাটত ৩৬কোটি টকাৰে নিৰ্মাণ কাৰ্য চলি থকা বাৰেচহৰীয় ভাওনাৰ স্থায়ী প্ৰকল্পৰ কাম কাজো পয্যবেক্ষণ কৰে কৰাৰ লগতে অঞ্চলটোৰ শলগুৰিৰ পৰা 'কন্যকা' লৈ নিৰ্মাণ কৰি উলিওৱা পকী পথৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে জীয়া ভৰলীৰ পাৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা 'কন্যকা' পৰিদৰ্শন কৰাৰ লগতে 'কন্যকা' ত নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া অতিথিশালাৰ শুভ উদ্বোধনৰ লগতে ৫০ কোটি টকাৰে নিৰ্মিত টুপীয়া বালিজুৰি সংযোগী পথটিৰ উপৰি বালিজুৰিত এটি স্বাস্থ্যকেন্দ্ৰ আৰু মাৰ্কেটিং কমপ্লেক্সৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কন্যকা কৃষিপামত এটি গোশালাও ফিটা কাটি শুভ উদ্ধোধন কৰাৰ লগতে কন্যকা নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ আৰ্শীৱাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,তেজপুৰৰ সংসদ পল্লবলোচন দাস, মন্ত্ৰী পিয়ুষ হাজৰিকাই৷