09/02/2021 - 18:59
in
নলবাৰীঃ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ' য়ে ১৪ বছৰীয়া ডিম্পল কুমাবটৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে হত্যাকাৰীয়ে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে অসম চৰকাৰক দাবী জনায় নলবাৰী চহৰৰ জিলিকনি চকত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদস্থলিত কৰ্মীসকলে ছাত্ৰী হত্যা ধৰ্ষণ বন্ধ কৰক, গুৱাহাটীৰ উজান বজাৰৰ ১৪ বছৰীয়া ছাত্ৰী ডিম্পলৰ হত্যাকাৰীক অবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক , গুৱাহাটীৰ উজান বজাৰৰ সপ্তম শ্ৰেনীৰ ছাত্ৰী ডিম্পলৰ নৃশংস হত্যাৰ লগত যুক্ত অপৰাধীসকলক অবিলম্বে গ্ৰেপ্তাৰ কৰক আৰু ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।