05/31/2019 - 18:00
in
লখিমপুৰঃ অসমীয়া ভাষা,জাতিক নিঃশেষ কৰাৰ অপচেষ্টা, বাংলা ভাষাক ৰাজ্যিক ভাষাৰ স্বীকৃতিৰ ষড়যন্ত্ৰ কৰা পশ্চিমবংগৰ তথাকথিত বুদ্ধিজীৱী গৰ্গৰাম চেটাৰ্জী, অসমৰ বঙালী নেতা শান্তনু মুখাৰ্জী আৰু চন্দন চেটাৰ্জীৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে আজি দিনৰ ১১বজাত নগৰৰ মালপানী চাৰিআলিত তেওঁলোকৰ প্ৰতিকৃতি দাহ কৰে।
লগতে জাতি, মাটি, ভেটি ৰক্ষাৰ নেতৃত্ব দিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।