05/31/2019 - 19:09
in
ডিজিটেল ডেস্ক: ৰে'লযাত্রীসকলৰ বাবে সুখবৰ। যাত্রীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লত মুঠ ১৩০০ অতিৰিক্ত আসনৰ সংখ্যা বঢ়াইছে ৰে'ল বিভাগে। চলিত মাহৰপৰা বিভাগটোৱে বহুকেইখন ৰে'লত আসনৰ সংখ্যা বৃদ্ধি কৰিছে। তাৰ ভিতৰত গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ ট্ৰেইনত মুঠ ৬৪ খন আসন, নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত চলা পেছেঞ্জাৰ ট্ৰেইনত মুঠ ২৭০ খন আসন, ৰঙিয়া আৰু ৰঙাপাৰাৰ মাজত চলা পেছেঞ্জাৰ ট্ৰেইনত মুঠ ৩৬০ খন আসন বৃদ্ধি কৰা হৈছে।
ইয়াৰ উপৰি আন বহুকেইখন ৰে'লত আসনৰ সংখ্যা বৃদ্ধি কৰিছে বিভাগটোৱে।