মঙলদৈঃ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰৱৰ্তন কৰা ঈশান উদয় স্ক’লাৰশ্বিপকলৈ ভয়ংকৰ জালিয়াতিৰ ঘটনা সংঘটিত হৈছে মঙলদৈৰ মহাবিদ্যালয়ত৷ হেকাৰে মঙলদৈ মহাবিদ্যালয়ৰ User ID, Password হেক কৰি মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীক দি আহিছিল স্ক’লাৰশ্বিপ।
এনে জালিয়াতিৰ ফলত স্ক’লাৰশ্বিপৰ পৰা বঞ্চিত শ শ ছাত্ৰ–ছাত্ৰী৷ উল্লেখযোগ্য যে UGC ৰ নিয়ম মতে মঙলদৈ বাণিজ্য মহাবিদ্যালৰ ঈশান উদয় স্ক’লাৰশ্বিপত আৱেদন কৰা বা স্ক’লাৰশ্বিপ পোৱাৰ যোগ্যতা নাই৷ যোৱা এবছৰ ধৰি হেক হৈ অহাৰ পিছত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন নাথৰ তৎপৰতাত পোহৰলৈ আহে জালিয়াতিৰ সমগ্ৰ তথ্য।
লগতে অধ্যক্ষই মঙলদৈ থানাত দিয়া অভিযোগৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে আটক কৰে চৰিফুল ইছলামক।সন্দেহৰ আৱৰ্তত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰী। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰিফুল ইছলামে কি উদ্দেশ্যৰে এই জালিয়াতি কৰি আহিছে এতিয়াও পোহৰলৈ অহা নাই। এই জালিয়াতিৰ ক্ষেত্ৰত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰীৰ লগতে UGC ৰ কোনোবা লোক জড়িত থকাৰ সন্দেহ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ৷