অৱসৰপ্ৰাপ্ত সেনা জোৱান সোনাউল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত ভূৰাগাঁৱত মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ আমছুৰ

 05/31/2019 - 20:10

লাহৰীঘাট: অৱসৰপ্ৰাপ্ত সেনা জোৱান সোনাউল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত ভূৰাগাঁৱত মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ কৰে আমছুয়ে। ভাৰতীয় বায়ু সেনাত ৩০ বছৰ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা তথা বৰ্তমান অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ পৰিদৰ্শকৰূপে কৰ্মৰত সোনাউল্লাহক ডিটেনচন কেম্পত প্ৰেৰণ কৰাত বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰাৰ অভিযোগত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ(আমছু)য়ে আজি মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পাচআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকে মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন, উপ সভাপতি চানমাহমুদ, প্ৰাক্তন সভাপতি আখতাৰ হুছেইন, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনৰ লগতে পাভকাটি আৰু বৰডোবাটোপ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল।

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰাৰ লগতে বিদেশীৰ নামত সংখ্যালঘু ৰাইজক কৰা অত্যাচাৰ বন্ধ কৰক, বৰ্ডাৰ পুলিচ হায় হায়! অসম আৰক্ষীৰ সীমান্ত শাখা হায় হায়! সৰ্বানন্দ সোণোৱাল হায় হায়! অসম চৰকাৰ হায় হায়! প্ৰাক্তন বায়ুসেনা জোৱান সোনাউল্লাহক বিনাচৰ্তে মুকলি কৰি দিয়ক ইত্যাদি শ্ল'গানেৰে ভূৰাগাঁৱৰ আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।