ধুবুৰী জিলাৰ চতলাৰপাৰ মাটিফাটা কবৰ স্থানত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াঃ নদীৰ খহনীয়াই ওলিয়ালে মৃত ব্যক্তিৰ কফিন

 09/06/2021 - 16:34
 
 
 
দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ চতলাৰপাৰ মাটিফাটা কবৰ স্থানত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ানক খহনীয়া৷ অঞ্চলটোত প্ৰতিদিনে ন ন পৰিয়ালৰ ঘৰ-ভেটি খহাই গৃহহাৰা কৰি আছে৷ কবৰ স্থানৰ ভেটিৰ অৱশিষ্টখিনিও সম্প্ৰতিকালত জাহ যাবলৈ সামান্য বাকী আছে৷ আজি পুৱাৰ ভাগত খহনীয়াৰ কৱলিত নৈৰ পাৰত এগৰাকী মৃত ব্যক্তিৰ অক্ষত কফিন দেখি ৰাইজে হুৱা-দুৱা লগায় আৰু স্থানীয় গাঁৱৰ লগতে অঞ্চলৰ মুখীয়াল ব্যক্তিসকলে দৃশ্যটো চাই হতবাক হৈ পৰে৷
 
ৰাইজেও উক্ত ঘটনা চাবলৈ গৈ ঠাইখনত ভিৰ কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দুইমাহ পূৰ্বে জোনাব আলী মণ্ডল নামৰ এগৰাকী সহজ-সৰল লোকক তাত সৎকাৰ কৰা হৈছিল আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত কবৰখন জাহ যাবলৈ লোৱাত গেলি-পচি নোযোৱা কফিনখন ওলাই পৰে৷ সেয়েহে প্ৰতিৰোধৰ বাবে বিধায়ক-সাংসদৰ লগতে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ওচৰত স্থানীয় ৰাইজে দাবী জনায়৷ উল্লেখ্য যে দুমাহ পূৰ্বে কাফন কৰা পুৰণি কফিনখন অক্ষত অৱস্থাত দেখিবলৈ পোৱা যায়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।