09/06/2021 - 18:08
in
বটদ্ৰৱাঃ নগাঁও জিলাৰ দগাঁও স্থিত 'দগাঁও চেন্ট্ৰেল স্কুলত আজি বিনামূলীয়া টেট প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰা হয়। দগাঁও আজমল কলেজৰ অধ্যক্ষ বজলুৰ ৰহমান হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰটোৰ শুভাৰম্ভণি কৰে বাটমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তজমল হুছেইনে।
চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদৰ ঐকান্তিক প্ৰচেষ্টাত বিগত বৰ্ষত দগাঁও স্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপতে গঢ় লৈ উঠিছিল 'দগাঁও চেন্ট্ৰেল স্কুল' নামেৰে এইখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান।
আজি শুভাৰম্ভ হোৱা বিনামূলীয়া টেট প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে বৃহত্তৰ দগাঁও অঞ্চলৰ শিক্ষিত নিবনুৱা সকল উপকৃত হোৱাৰ লগতে সফলতাৰে আগন্তুক টেট পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব। বিনামূলীয়া টেট প্ৰশিক্ষণ শিবিৰৰে শৈক্ষিক জগতত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।