আলোপতিত প্ৰকাণ্ড অজগৰ চাবলৈ সহস্ৰাধিকৰ হেতাওপৰা, জনসমাগম দেখি পানীত জপিয়াই পলায়ন অজগৰ

 09/07/2021 - 12:50
 
 
 
নগৰবেৰাঃ বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰপাৰাত বাঁহ বাৰীত সহস্ৰাধিক লোকৰ বিশাল সমাগম। বাঁহৰ ওপৰত স্থানীয় এজনে প্ৰকাণ্ড অজগৰ এডাল প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত অজগৰ চাবলৈ এইদৰে ঘটনাস্থলী মূহুৰ্ততে হৈ পৰিল লোকে লোকাৰণ্য। ৰাইজে স্থানীয় আৰক্ষী আৰু বন বিভাগকো অৱগত কৰিলে যদিও উদ্ধাৰ কৰিবলৈ নাহিল কোনো আৰু অৱশেষত জনসমাগম দেখি পানীত জপিয়াই স্থান ত্যাগ কৰে সৰ্পৰাজে।
 
একাংশই অজগৰ ডাল উদ্ধাৰ কৰিবলৈ কৰাৰ আপ্ৰাণ চেষ্টা কৰিও বিফল হয়। বন বিভাগৰ এনে গা এৰা দিয়া মনোভাৱ দেখি আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে। শেহতীয়া বানত কোনোবা পাহাৰীয়া অঞ্চলৰ পৰা উটি গৈ নিৰাপদ আশ্ৰয়ৰ বাবে অজগৰ ডাল বাঁহ গছত উঠিব পাৰে বুলি ৰাইজৰ ধাৰণা , সময়মতে বন বিভাগৰ লোকে উদ্ধাৰ কৰি চিৰিয়াখানা কিম্বা ডাঠ হাবিত মোকলাই দিলে সৰীসৃপ ডাল অধিক নিৰাপদ হ’লহেঁতেন বুলিও সচেতন ৰাইজৰ যুক্তি।প্ৰশ্ন হয়-কিহৰ বাবে সংশ্লিষ্ট বিভাগৰ এনে হোঁহোঁকা-পিছলা স্থিতি  আগলৈ ৰাইজে জনোৱা তথ্যৰ প্ৰতি গুৰুত্ব দিবনে বন বিভাগে?  
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।