খোৱাঙত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

 05/31/2019 - 20:40

খোৱাংঃ ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খোৱাং অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত এক সজাগতা সভা আয়োজন কৰা হয়। সমন্বয়ক তথা সাংবাদিক ৰতন হাজৰিকাই আঁ‌তধৰা সজাগতা সভাখনত ডিব্ৰুগড় জিলাৰ পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকা, ডিব্ৰুগড় জিলা সংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, প্ৰাক্তন শিক্ষক তথা সমাজকৰ্মী বিপুল বৰুৱাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাকে ধৰি কেইবাগৰাকীও অভিজ্ঞ ব্যক্তিয়ে পথ সুৰক্ষা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি পৰিবহণ বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ আৰু ৰচনা লিখাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰচনা প্ৰতিযোগিতাৰ 'ক' শাখাৰ প্ৰথম স্থান লাভ কৰে বৃষ্টি গগৈয়ে, দ্বিতীয় সঞ্চিতা সন্দিকৈ, তৃতীয় স্বৰ্ণ দে আৰু খুচবু শইকীয়াই। আনহাতে ৰচনা প্ৰতিযোগিতাৰ 'খ' শাখাৰ প্ৰথম স্থান লাভ কৰে ইলা বৰাই, দ্বিতীয় সুৰভি শেনচোৱা আৰু তৃতীয় স্থান লাভ কৰে ভাগ্যময়ী চেতিয়াই।

স্থানপ্ৰাপ্ত সকলোকে প্ৰমাণ পত্ৰ, গ্ৰন্থ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ইফালে পথ সুৰক্ষা সজাগতা সভাখনৰ লগত সংগতি ৰাখি পিথুবৰ স্নাতক মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা যুগল সোণোৱালে লিখা এটি গীত পৰিৱেশন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে। খোৱাং অঞ্চলৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই সজাগতা সভাখনত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে স্থানীয় লোকো উপস্থিত থাকে।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত বৃদ্ধি পাবলৈ ধৰা পথ দুৰ্ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰিবহণ বিভাগে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এনেধৰণৰ পদক্ষেপ সঁ‌চাকৈয়ে আদৰণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।