মাজুলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

 09/08/2021 - 12:59
 
 
 
 
মাজুলীঃ অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে ৰাজ্যজুৰি। মাজুলীৰ সকলো সত্ৰকে ধৰি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত গুৰুজনাৰ এই তিথি পালন কৰা হৈছে।
 
আজি আনুষ্ঠানিকভাৱে গুৰু কীৰ্তনৰ কাৰ্যসূচী আৰম্ভ হৈছে ‘গন্ধ গোৱা’ অনুষ্ঠানেৰে৷ বিয়লি ‘বাহাৰ’ গোৱা হয়৷ বাহাৰত আজি অনুষ্ঠিত হ’ব লগা দিন ভাওনাত বালকসকলে ভাৱৰীয়া সাজি নচাৰ পৰম্পৰাগত নিয়ম পালন কৰে ৷ প্ৰায় ৩৬ খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত পালন কৰিছে শংকৰদেৱৰ তিথি।
 
ভাদ মাহৰ পৰম্পৰাগত প্ৰসংগসমূহৰ উপৰিও আজি গুৰু কীৰ্তন উপলক্ষে গীত গোৱা, ঘোষা কীৰ্তন গোৱা আদি সকলো ধৰ্মীয় কাৰ্য্য সত্ৰীয়া ৰীতিৰে সম্পন্ন কৰা হ’ব৷ দুপৰীয়া কীৰ্তন ঘৰ আৰু দৌল মন্দিৰত বিশেষ নাম কীৰ্তনত ভিন্ন স্থানৰ পৰা আগমন হোৱা সহস্ৰাধিক ভক্তপ্ৰাণ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।