09/08/2021 - 14:44
in
ৰঙিয়াঃ অসম মালাৰ অধিনত ৰঙিয়াৰ পৰা কাউৰবাহাহৈ নাগ্ৰীজুলীলৈ নিৰ্মাণ হ’বলগীয়া পথ নিৰ্মাণত চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ বিৰুদ্ধে বুধবাৰে ৰঙিয়াত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন।
প্ৰতিবাদকাৰীসকলে ৰঙিয়া মহকুমাধিপতি পথত হাতে হাতে প্লেকাৰ্ড লৈ নিৰ্মাণ কৰ্তৃপক্ষৰ বিৰুদ্ধে নানা ধৰণে শ্ল’গান দিয়ে। বিভাগীয় প্ৰাককলন মতে পথটো ১২ মিটাৰ হ’ব লাগে যদিও বৰ্তমান সময়ত পথটো কাউৰবালৈ ২১ ফুট বহল হিচাপে ব্যৱহাৰ হৈ আছে।
ইয়াৰ পিচটো পথটো নতুনকৈ ৬৬ ফুট বল কৰিবলৈ পৰিকল্পনা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। যাৰ ফলত ১২ কিলোমিটাৰ দুৰলৈ প্ৰায় দুই হেজাৰ পৰিয়ালে সম্পূৰ্ণৰূপে ঘৰ-বাৰী স্থানান্তৰিত কৰিব লাগিব।
২৫০ কৌটি টকা ব্যয় সাপেক্ষে ৩৩ কিলোমিটাৰ দৈৰ্ঘৰ নিৰ্মাণ হবলগীয়া পথটো প্ৰাককলণ অনুসৰি সঠিক মাফত বহল কৰিবলৈ দাবী জনাইজে স্থানীয় ৰাইজে। ইফালে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰামতে নিৰ্মাণ কাৰ্য্যৰ দায়িত্ব থকা ঠিকাদাৰজনে বৈষম্যমূলক আচৰন কৰি পথটোৰ একাংশ ঠাইত ২১ ফুট, আন একাংশ ঠাইত ৬৬ ফুট বহল কৰাৰ পৰিকল্পনা কৰিছে।
এনে বৈষম্যমূলক নীতি পৰিহাৰ কৰি প্ৰাককলণ অনুসৰি নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ দাবী জনাই প্ৰতিবাদী ৰাইজে ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে কামৰূপ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।