09/08/2021 - 18:27
in
বাহাৰঘাটঃ আজি ৰাতিপুৱা নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কৰিয়া-বিজুলীঘাটত থকা E-Max computer center/Assam Garmin vikash Bank/Mrinal Enterprisess ৰ সন্মুখৰ পৰা প্ৰায় ১১:৪৩ মান বজাত Dipu Das নামৰ ছাত্ৰ এজনৰ নতুন চাইকেলখন মানুহ থকা অৱস্থাতে চোৰে চুৰ কৰে। সৌভাগ্য ক্ৰমে সকলো দৃশ্য Mrinal Enterpriseত থকা চি চি কেমেৰা ত বন্দী হয় আৰু ঘটনাৰ সমগ্ৰ ঘটনাৰ উমান পোৱা যায়।
স্থানীয়লোকে জনাই যে এনেধৰনৰ চুৰি কাৰ্য্য ঠাইখিনিত প্রায় সঘনাই হৈ আছে৷ প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনায় যে ঠাইখিনিত সঘনাই হৈ থকা এনে ঘটনাৰ উচিত তদন্ত হব লাগে। দিপু দাস দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰ তেওঁ বহু দূৰৰ পৰা চাইকেলেৰে স্কুল, টিউচন আদিলৈ অহা যোৱা কৰে চাইকেলখন হেৰাই তেওঁ হতাশ হৈ পৰিছে।