পাঁচগ্রামৰ এটা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা খুৱাইছে ৰাইজক

 09/08/2021 - 19:40
 
 
বদৰপুৰঃ পাঁচগ্রামৰ এটা ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে বৃহত্‍ গাঁত। আনকি, শিলচৰ-কৰিমগঞ্জ সংযোগী পথৰো বহু স্থানত সৃষ্টি হোৱা দ গাঁতক লৈ সততে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো ব্যৱস্থা লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই।
 
সম্প্রতি নিৰ্মাণ সংস্থাই কিছু শিলগুটি পেলোৱাৰ কাম আৰম্ভ কৰিছে যদিও এতিয়াও চলাচলৰ উপযোগী নহ’ল বুলি কব পাৰি। কেৱল যেন আন্দোলন হোৱাৰ পিছত আৰু আন্দোলনৰ নাম শুনাৰ পিছতেই আৰম্ভ হয় শিলগুটি পেলোৱাৰ কাম। এই পথটোৰ বাবেই এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ৷ 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।