জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গোসাইডুবী পঞ্চায়তত অব্যাহত দুৰ্নীতিৰ ধাৰাবাহিকতাঃ পথ নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়মৰ গুৰুতৰ অভিযোগ

 09/09/2021 - 12:08
 
 
লক্ষীপুৰঃ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গোসাইডুবী পঞ্চায়তত অব্যাহত আছে দুৰ্নীতিৰ ধাৰাবাহিকতা। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ নামত ৱাৰ্ড সদস্যাৰ স্বামী ছানোয়াৰ খন্দকাৰৰ মুকলি ধন দাবীৰ পিছত পুনৰ আন এক পথ নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়ম আৰু লুণ্ঠন ৰাজৰ গুৰুতৰ অভিযোগ উঠিছে।
 
ৰাজ্য চৰকাৰৰ বিয়াগোম পঞ্চায়ত বিভাগে বিভিন্ন সময়ত পঞ্চায়তৰ অভিলাষী আঁচনি তথা উন্নয়নৰ কথা কোৱা দেখা যায়। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ গোসাইডুবী পঞ্চায়তৰ উন্নয়নৰ নগ্ন ৰূপ। গোসাইডুবী পঞ্চায়তৰ অধিনস্থ বাউশাট্টাৰী দ্বিতীয়ৰ খণ্ড গাঁৱৰ এটা পথ।
 
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন ২০২০/২১ ইং বিত্তীয় বৰ্ষৰ পথ নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। উক্ত কামটো আছিল বাউচাট্টৰী গাঁৱৰ PWD পথৰ কাষতে থকা কাশেম আলীৰ ঘৰৰ পৰা ডালিম বৰ্মনৰ ঘৰলৈ যোৱাৰ এই বিশেষ পথটো ইতিমধ্যে দুটা বছৰ অতিক্ৰম কৰিছে। নিৰ্ধাৰিত পুঁজি ৮,৯১৬২৩ টকাৰ কামটো আনুমানিক কেইমিটাৰমান  নাম মাত্র কাম কৰি দায়িত্ব সামৰিছে, পঞ্চায়ত খনৰ উপ সভাপনেত্ৰী ফজিলা খাতুন।
 
কামটোত ইমানেই দুৰ্নীতি হৈছে যে, আধাৰশিলা স্থাপনৰ পিচত নাম মাত্ৰ কাম কৰি ৩ বছৰ অতিক্রম হোৱাৰ পিছতো এই পৰ্যন্ত পথটোত এপাচি মাটি পেলোৱাৰ পৰিলক্ষিত নহল। এই অভিযোগ স্থানীয় ৰাইজৰ। যদি স্থানীয় ৰাইজৰ অভিযোগ সঁচা হয়, তেন্তে চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কাম কৰা গোসাইডুবি পঞ্চায়তৰ এই গৰাকী উপ সভাপতি ফজিলা খাতুনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ তথা প্ৰশাসনে সেয়া হব লক্ষ্যণীয়?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।