গোলাঘাট আৰক্ষীৰ বৰ্বৰতা, এজন ব্যক্তিক ৰছীৰে বান্ধি পেলাই থৈ যায় পথৰ কাষত

 09/09/2021 - 17:02
 
 
 
 
গোলাঘাটঃ অমানসিক নিৰ্যাতন চলোৱা, মানৱতাহীন আৰু নিৰ্দয় আৰক্ষীৰ উদাহৰণ আজি গোলাঘাটৰ আৰক্ষী৷ গোলাঘাট আৰক্ষীয়ে দেখুৱালে মানুহক কৰা বৰ্বতাৰ চুড়ান্ত নিদৰ্শন। এজন ব্যক্তিক হাত দুখন পাছফালে ৰছীৰে মেৰিয়াই বান্ধি ভৰি দুখনতো ৰছীৰে মেৰিয়াই মেৰিয়াই বান্ধি মানুহজন লৰ চৰ কৰিব নোৱাৰাকৈ এদাল বাঁহৰ লাঠি পাছফালে বান্ধি দিয়া হৈছে। মানুহজনে কেৱল আৰ্তনাদ কৰিছে।
 
"মোক মাৰি পেলাওক, এনেকৈ হাত ভৰি বান্ধি মোক কিয় শাস্তি দিছে। " এই তালিবানী শাস্তি প্ৰদান কৰে গোলাঘাটৰ আৰক্ষীয়ে। প্ৰায় ৬ ঘণ্টা সময় এনেদৰেই পেলাই থয় এই ব্যক্তিজনক। জানিব পৰা মতে মানসিক বিকাৰগ্ৰস্ত লোকজনে নিশা কেইবাটাও পৰিয়ালৰ গৃহত আক্ৰমণ কৰিছিল।
 
ঘৰৰ আইনা ভাঙি চুৰমাৰ কৰাৰ লগতে ফুলৰ তাব আদি ভাঙিছিল। নিশা আৰক্ষীক খবৰ দিয়াত আৰক্ষী নাহিল। পুৱতি নিশা প্ৰায় ৪ মান বজাত আৰক্ষীৰ এটা দল আহি এনেদৰে হাতে ভৰিয়ে বান্ধি পথৰ কাষত পেলাই থৈ যায়। এই দৃশ্য সাংবাদিকে কেমেৰাত আৱদ্ধ কৰাৰ খবৰ পাই আৰক্ষীয়ে প্ৰায় দহ বজাত ৰছী খুলি মানুহজনক মুকলি কৰি দিয়ে৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।