06/01/2019 - 14:32
in
বৰপেটা: এক গোপন সূত্ৰৰ পম খেদি বৰপেটা সদৰ আৰক্ষীৰ এটি দলে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে AS-21C-4505 নম্বৰৰ এখন টেম্প'ৰে হাউলিৰ পৰা বৰপেটাৰ খঙৰালৈ উক্ত নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহৰ বাবে নি থকা হৈছিল। বৰপেটা সদৰ আৰক্ষীয়ে গোপন সূত্ৰৰ জৰিয়তে টেম্প'খন অনুসৰণ কৰি চেঙা বালাট্টাৰি অঞ্চলৰ ছাইদুল ইছলাম নামৰ যুৱকজনক আটক কৰে।
যুৱকজনে ব্যৱহাৰ কৰা টেম্প'খনৰ পৰা বৰপেটা আৰক্ষীয়ে ৭২০টা নিচাযুক্ত টেবলেট আৰু ৯০০ নিষিদ্ধ ঘোষিত কফচিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।